notifications

প্লে স্কুল নিয়ন্ত্ৰণৰ বাবে সাজু চৰকাৰ 

webdesk | Thursday, January 12, 2017 10:59 AM IST

দেশৰ বিভিন্ন প্ৰান্তত জধে-মধে গঢ়ি উঠা প্লে-স্কুলসমূহে শিক্ষাৰ্থী তথা অভিভাৱকক সময়ে সময়ে বিপদত পেলায় ।প্লে স্কুলসমূহত প্ৰায় শিশু নিৰ্যাতিত হোৱাৰ ঘটনাও ঘটে ।এনে ঘটনা নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধৰ লগতে প্লে স্কুলৰ মান উন্নত কৰাৰ বাবে চৰকাৰে ব্যৱস্থা ল'বলৈ সাজু হৈছে ।শিশু অধিকাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় আয়োগে ব্যক্তিগত খণ্ডৰ প্লে স্কুলৰ বাবে ইতিমধ্যে সাজু কৰি উলিয়াইছে নিৰ্দেশনা ।এই নতুন নিৰ্দেশনা মৰ্মে তিনি বছৰতকৈ কম বয়সৰ শিশু কোনো প্লে স্কুলত নামভৰ্তি কৰাব নোৱাৰিব ।আনহাতে প্লে স্কুলসমূহ জিলা কৰ্তৃপক্ষৰ ওচৰত পঞ্জীয়নকৃত হ'ব লাগিব ।