news

নেনো ছায়েন্স বা নেনো টেকনোলজি

Fazil Ahamed N | Sunday, December 11, 2016 11:51 AM IST

নেনো টেকনোলজিৰ ক্ষেত্ৰখনত নিজকে নিয়োজিত কৰিবৰ বাবে এম টেক ডিগ্ৰী আৱশ্যকীয় ।এম টেক পাঠ্যক্ৰমৰ বাবে পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান অথবা বায়'টেকনোলজি ডিগ্ৰী প্ৰয়োজন ।এম টেক পাঠ্যক্ৰমটি বিভিন্ন বিষয় বা বিভাগৰ পৰা ছাত্ৰ-ছাত্ৰীৰ বাবে যথেষ্ট উপযোগী ।যদিও এই ক্ষেত্ৰখন নিচেই চালুকীয়া অৱস্থাত আছে ।তথাপি ইয়াৰ সম্ভাৱনীয়তালৈ চাই চৰকাৰী আৰু বেচৰকাৰী ক্ষেত্ৰত ব্ৃহৎ পৰিমাণৰ বিনিয়োগ কৰা হৈছে ।সেয়েহে নেনো টেকনোলজিৰ এম.টেক বা তেনে ধৰনৰ শিক্ষাগত আৰ্হিতা থকা লোকৰ দিনক দিনে চাহিদা ব্ৃদ্ধি হৈছে ।চিকিৎসা বিজ্ঞান, ফাৰ্মাচিউটিকেল, পৰিবেশ মিডিয়া এণ্ড কমিউনিকেচন আদি সকলো ক্ষেত্ৰতে নিযুক্তিৰ সুবিধা বাঢ়িছে ।