asamiya

অসমৰ দুই আগশাৰীৰ শিক্ষানুষ্ঠান তেজপুৰ বিশ্ববিদ্যালয় আৰু আই আই টিৰ বিশ্বৰ শীর্ষস্থানীয় শিক্ষানুষ্ঠানৰ লগত স্থান লাভ

Webdesk | Wednesday, November 29, 2017 11:37 PM IST

অসম চুক্তিৰ আধাৰত জন্ম হোৱা তেজপুৰ বিশ্ববিদ্যালয়ে কঢ়িয়াই আনিলে পুনৰ এক আন্তঃৰাষ্ট্ৰীয় খ্যাতি। বিগত সময়চোৱাত বিভিন্ন শ্ৰেষ্ঠ স্থান দখলেৰে বিশ্বদৰবাৰত বিশেষ স্থান লাভ কৰিবলৈ সক্ষম হোৱা তেজপুৰ বিশ্ববিদ্যালয়ে অতি শেহতীয়াভাৱে কিউ এছ ব্ৰিকছ ইউনিভাৰ্ছিটি-২০১৮ত অন্য এক আন্তঃৰাষ্ট্ৰীয় সন্মান লাভ কৰিবলৈ সক্ষম হোৱা বাতৰিয়ে শিক্ষানুষ্ঠানখনৰ লগতে তেজপুৰৰ বৌদ্ধিক মহলকো আহ্লাদিত কৰিছে। ব্ৰিকছৰ সদস্য ৰাষ্ট্ৰসমূহৰ শীর্ষ তিনিশখন বিশ্ববিদ্যালয়ৰ মাজত তেজপুৰ বিশ্ববিদ্যালয়ে ১৭১-১৮০ তম স্থান লাভ কৰিছে। ইয়াৰ বিপৰীতে গুৱাহাটীৰ ভাৰতীয় ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান আই আই টিয়ে ৫২তম স্থান লাভ কৰি উত্তৰ-পূব ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনে।