asamiya

‘শ্ল’ পইজনেৰে ছেবাক যোগ্যতাহীন কৰাৰ গোপণ এজেণ্ডা হিমন্তৰ

Sudipta | Thursday, May 11, 2017 1:54 PM IST

শিক্ষামন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মেট্ৰিকৰ উত্তীৰ্ণৰ হাৰক লৈ মঙলবাৰে সদনত দাঙি ধৰা বক্তব্যই সম্প্ৰতি ৰাজ্যজুৰি সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ।প্ৰাক্তন ক্গ্ৰেছ শিক্ষামন্ত্ৰীসকলক সাঙুৰি কংগ্ৰেছ চৰকাৰৰ বিৰুদ্ধে কৰা এই মন্তব্যক নাভূত-নাশ্ৰুত আখ্যা দি সসেহতীয়াকৈ প্ৰদেশ কংগ্ৰেছে হিমন্ত বিশ্ব সসৰ্মাক নিজৰ নাক কাটি হ'লেও সতিনীৰ যাত্ৰা ভংগ কৰা বুলি কটাক্ষ কৰে ।কেৱল এয়াই নহয়, ছেবাক শ্ল পইজনেৰে ক্ৰমশ ঃ যোগ্যতাহীন কৰি সমূহ বিদ্যালয় আৰ এছ এছৰ অন্তৰ্গত কৰাৰ এয়া হিমন্ত বিশ্বৰ গোপন এজেণ্ডা বুলিও গুৰুত্বৰ অভিযোগ তোলে প্ৰদেশ কংগ্ৰেছে ।গুৱাহাটীৰ ৰাজীৱ ভৱনত এক সংবাদমেল অনুষ্ঠিত কৰি মঙলবাৰে প্ৰাক্তন মন্ত্ৰী তথা প্ৰদেশ কংগ্ৰেছৰ সভাপতি প্ৰদ্যুৎ বৰদলৈ আৰু মন্ত্ৰী শৰৎ বৰকটকীয়ে এই গুৰুত্বৰ অভিযোগ উত্থাপন কৰি কয় যে হিমন্ত বিশ্ব শৰ্মাই ২০১৬ চনত হিন্দুত্বৰ গেৰুৱা বসন পিন্ধি ক্ৰমাগতভাৱে নাগপুৰীয়া প্ৰভু আৰ এছ এছক তোষামোদ কৰাৰ নীতিৰে এইবোৰ কথা কৈছো ।