asamiya

উত্তৰ গুৱাহাটীত কৌশল বিকাশ প্ৰতিষ্ঠান মুকলি কৰি ধৰ্মেন্দ্ৰ প্ৰধানৰ ঘোষণা: অসমত অতি শীঘ্ৰে স্থাপন হ’ব দক্ষতা বিকাশ বিশ্ববিদ্যালয়

Webdesk | Saturday, December 9, 2017 9:37 AM IST

অসমত অতি শীঘ্ৰে স্থাপন কৰা হ'ব দক্ষতা বিকাশ বিশ্ববিদ্যালয়। অসমত নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত কেন্দ্ৰীয় নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰখনে সদায় গুৰুত্ব দি আহিছে। সেই কথা উপলব্ধি কৰি ইয়াৰ নিবনুৱা যুৱক-যুৱতীসকলৰ মাজত থকা প্ৰতিভাসমূহ উলিয়াই অনাৰ উদ্দেশ্যেৰেই অসমত শীঘ্ৰে স্থাপন কৰা হ'ব দক্ষতা বিকাশ বিশ্ববিদ্যালয়। এই ঘোষণা কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ। উক্ত বিশ্ববিদ্যালয়ৰ বাবে তেওঁ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক অসম চৰকাৰৰ পৰা ভূমি আবন্টন দিবলৈও আহ্বান জনালে। কালি উত্তৰ গুৱাহাটীৰ ফুলঙত কৌশল বিকাশ প্ৰতিষ্ঠান, গুৱাহাটী শুভ উদ্বোধন কৰি কেন্দ্ৰীয় পেট্ৰলিয়াম তথা দক্ষতা বিভাগৰ মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে এই কথা ঘোষণা কৰে।