asamiya

৩১ মে’ত মেট্ৰিকৰ, ৬ জুনত উচ্চতম মাধ্যমিকৰ ফলাফল

Sudipta | Wednesday, May 24, 2017 12:45 AM IST

অসম মাধ্যমিক শিক্ষা পৰিষদৰ দ্বাৰা পৰিচালিত ২০১৭ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল অৱশেষত অহা ৩১ মে'ত ৰাজ্যৰ সকলো প্ৰান্ততে ঘোষিত হ'ব ।বিগত সময়ছোৱাত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত গ্ৰেছ-মাৰ্ক দিয়া-নিদিয়াক কেন্দ্ৰ কৰি ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থী আৰু অভিভাৱক তীব্ৰ উৎকণ্ঠাত থকাৰ পাছত অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ ছেবাই ফলাফল ঘোষণাৰ ৱাৱে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে ।অন্য তথ্য অনুসৰি ছেবাই ফলাফল ঘোষণাৰ দিন আনুষ্ঠানিকভাৱে সংবাদ মাধ্যমৰ আগত প্ৰকাশৰ পৰা বিৰত আছে যদিও ৩১ মে'ৰ পুৱা ১১ বজাত সকলো জিলা সদৰৰ লগতে পৰীক্ষা কেন্দ্ৰসমূহত ফলাফল ঘোষিত হ'ব ।অৱশ্যে এই ফলাফল ছেবাৰ কাৰ্যালয়ত প্ৰকাশ নহ'ব ।উল্লেখযোগ্য যে ১৯৬২ চনত ২৯ জানুৱাৰীত গঠন হোৱা অসম জাতীু অনুষ্ঠান 'ছেবা'ৰ দ্বাৰা পৰিচালিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাইমাদ্ৰাছা পৰীক্ষাত চলি বৰ্ষত ৩,৮২,৫৮৫ গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হৈছিল ।ইপিনে, উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ দ্বাৰা  পৰিচালিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ক'লা, বিজ্ঞান, বাণিজ্য শাখাৰ ফলাফল অহা ৬ জুনত ঘোষিত হোৱাৰ সম্ভাৱনা আছে ।