asamiya

২৭ জুলাইত মেট্ৰিকৰ কম্পাৰ্টমেণ্টেল

Sudipta | Friday, June 9, 2017 11:53 AM IST

হাইস্কুল শিক্ষান্ত পৰীক্ষাত অনুত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ বাবে ২৭ জুলাইত কম্পাৰ্টমেণ্টেল পৰীক্ষা অনুষ্ঠিত কৰিব মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ ছেবাই ।ছেবাৰ সচিব কমলজ্যোতি গগৈয়ে জানিবলৈ দিয়া মতে ১২ জুনত প-পত্ৰ পুৰণৰ অন্তিম দিন ।তেওঁ সদৰী কৰা মতে সম্ভৱত ঃ ৯০ হেজাৰ ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সুযোগ পাব ।যিসকল ছাত্ৰ-ছাত্ৰীয়ে দুই বা তিনিটা বিষয়ত ফেল কৰিছে তেওঁলোকে সংশ্লিষ্ট বিদ্যালয়ত দুমাহ পাঠ গ্ৰহণ কৰিব পাৰিব ।বিদ্যালয়ৰ নিৰ্দিষ্ট শিক্ষকে পাঠদান কৰিব বুলি ছেবা কৰ্তৃপক্ষই সদৰী কৰি একেদৰে মুক্ত বিদ্যালয়ৰ পৰীক্ষা ২৮ জুনত অনুষ্ঠিত হ'ব বুলি জানিবলৈ দিয়ে ।প্ৰতিখন জিলাত একোটাকৈ পৰীক্ষা কেন্দ্ৰ থকাৰ উপৰি ছাত্ৰ-ছাত্ৰীৰ সংখ্যা অনুপাতৰ কেন্দ্ৰ স্থাপন কৰা হ'ব বুলি সচিব গগৈয়ে জানিবলৈ দিয়ে ।