asamiya

গুৱাহাটী আই টি আইত নতুন পাঠ্যক্ৰম মুকলি

Webdesk | Monday, December 18, 2017 9:29 AM IST

ৰাজ্যৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতীসকলক মীন পালনৰ জৰিয়তে নিয়োগ সম্ভাৱনীয়তা নিশ্চিত কৰাৰ লক্ষ্যৰে দেশৰ ভিতৰতে প্ৰথমবাৰলৈ মীন বিভাগৰ সহযোগিতাত আৰু ভাৰতীয় তেল নিগমৰ সৌজন্যত গুৱাহাটী ঔদ্যোগিক প্ৰশিক্ষন প্ৰতিষ্ঠানে জলসংবৰ্ধন শীৰ্ষক এক পাঠ্যক্ৰমৰ শুভাৰম্ভ কৰা হয়। মীন বিষয়া ড° ধ্ৰুৱজ্যোতি শৰ্মাই আঁত ধৰা নিয়োগ আৰু কাৰিকৰী সঞ্চালকালয়ৰ যুটীয়া সঞ্চালক পৃথ্বীৰাজ ৰাভাই উদ্দেশ্য বাখ্যা কৰা উদ্ধোধনী সমাৰোহত দক্ষতা, নিয়োগ আৰু উদ্যোমিতা বিকাশ বিভাগৰ আয়ুক্ত-সচিব আশুতোষ অগ্নিহোত্রিয়ে এনে প্ৰচেষ্ঠাৰে ৰাজ্যত মৎস্য উৎপাদন বৃদ্ধিৰ লগতে নিয়োগ সৃষ্টিৰ ব্যৱস্থা কৰিবলৈ পৰিকল্পনা কৰা বিভিন্ন দিশ অৱগত কৰি সকলোকে এই প্ৰয়াসত চামিল হ'বলৈ আহ্বান জনায়।