asamiya

কেন্দ্ৰীয় চৰকাৰে বছৰত দুবাৰকৈ অনুষ্ঠিত কৰিব প্ৰৱেশিকা পৰীক্ষা

Webdesk | Tuesday, December 19, 2017 11:32 PM IST

ৰাষ্ট্ৰীয় চিকিৎসা বিজ্ঞান শিক্ষা আৰু প্ৰৱেশিকা পৰীক্ষা 'নীট' আৰু অভিযান্ত্ৰিক শিক্ষা প্ৰৱেশিকা পৰীক্ষা বছৰত দুবাৰকৈ অনুষ্ঠিত কৰাৰ বাবে চৰকাৰে বিবেচনা কৰি আছে। কেন্দ্ৰীয় মানৱ সম্পদ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী উপেন্দ্ৰ কুমাৰ কুশৱাহাই কালি লোকসভাক জনায় যে ছাত্ৰ-ছাত্ৰীসকলক বছৰত দুবাৰ সুযোগ দিয়াৰ বাবে এই নতুন ব্যৱস্থা প্ৰৱৰ্তন কৰিব বিচাৰিছে। কেন্দ্ৰই এই ধৰণৰ প্ৰৱেশিকা পৰীক্ষাসমূহ পৰিচালনা কৰিবৰ বাবে 'নেচনেল টেষ্টিং এজেন্সি' (এন টি এ) গঠন কৰিবলৈ লৈছে বুলি তেওঁ কয়।