asamiya

কেম্ব্ৰিজৰ পৰীক্ষাত ভাৰতীয় শিক্ষাৰ্থীৰ অনন্য কৃতিত্ব লাভ

Webdesk | Friday, November 24, 2017 9:46 PM IST

কেম্ব্ৰিজৰ পৰীক্ষাত অনন্য সফলতা প্ৰদৰ্শনৰ বাবে ২৬ গৰাকী ভাৰতীয় শিক্ষাৰ্থীয়ে লাভ কৰিছে 'টপ ইন দ্য ৱৰ্ল্ড' বঁটা। বুধবাৰে ঘোষিত ২০১৬-১৭ চনৰ কেম্ব্ৰিজ এছেছমেণ্ট ইন্টাৰনেচনেল এডুকেচনৰ ফলাফলত এই ভাৰতীয় শিক্ষাৰ্থীসকলে অনন্য সফলতা প্ৰদৰ্শন কৰে। শিক্ষাৰ্থীসকলে বিগত বৰ্ষৰ নৱেম্বৰ, চলিত বৰ্ষৰ মাৰ্চ, জুন মাহত আয়োজন কৰা এলানি পৰীক্ষাত অৱতীৰ্ণ হৈ এই সফলতা অৰ্জন কৰিছে। মুম্বাইৰ সৰ্বাধিক  ১১ গৰাকী শিক্ষাৰ্থীয়ে শীর্ষস্থান লাভ কৰে। বৰ্ষটোত ১৬০ গৰাকী শিক্ষাৰ্থীয়ে কেম্ব্ৰিজৰ আউটষ্টেণ্ডিং লাৰ্ণাৰৰ বঁটা লাভ কৰিছে। উল্লেখ্য যে ভাৰতত চাৰি শতাধিক বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে কেম্ব্ৰিজৰ এই পৰীক্ষাত অৱতীৰ্ণ হৈছিল।