asamiya

ভাৰতীয় শিক্ষাৰ্থীৰ বিদেশত অধ্যয়ন কৰাৰ ক্ষেত্ৰত ব্ৰিটেইনক অতিক্ৰম চীনৰ শিক্ষা প্ৰতিষ্ঠানৰ

Webdesk | Tuesday, January 9, 2018 11:56 PM IST

ভাৰতীয় শিক্ষাৰ্থীসকলৰ মাজত এতিয়া ব্ৰিটেইনতকৈ অধিক জনপ্ৰিয় হৈ পৰিছে চীনৰ শিক্ষা প্ৰতিষ্ঠানসমূহ। শেহতীয়া তথ্য অনুসৰি ব্ৰিটেইনৰ তুলনাত চীনত অধ্যয়নৰত ভাৰতীয় শিক্ষাৰ্থীৰ সংখ্যা বৃদ্ধি পোৱা দেখা গৈছে। ২০১০-১১ বৰ্ষৰ পৰাই ভাৰতীয় শিক্ষাৰ্থীসকলে মূলত: চিকিৎসা বিজ্ঞানৰ শিক্ষা গ্ৰহণৰ বাবে চীনলৈ যাত্ৰা কৰিছিল যদিও শেহতীয়াকৈ ভাৰতত এম বি বি এছ পাঠ্যক্ৰমত যোগ্যতা নিৰ্ধাৰণকাৰী 'নিট' পৰীক্ষাৰ বিসংগতিৰ পিচত চীনলৈ যোৱা এনে শিক্ষাৰ্থীৰ সংখ্যা অধিক বৃদ্ধি পাইছে। একেদৰে ইঞ্জিনীয়াৰিঙৰ বিভিন্ন বিষয়ত শিক্ষা গ্ৰহণৰ বাবেও  ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চীনৰ শিক্ষা প্ৰতিষ্ঠানসমূহৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে। মূলতঃ দুটা কাৰণত অধিকসংখ্যক ভাৰতীয় শিক্ষাৰ্থীয়ে চীনত পঢ়াৰ বাবে আগ্ৰহী হৈ উঠিছে বুলি জানিব পৰা গৈছে। প্ৰাপ্ত তথ্য অনুসৰি বৰ্তমান ব্ৰিটেইনত অধ্যনৰত ভাৰতীয় শিক্ষাৰ্থীৰ সংখ্যা ১৮,০১৫ গৰাকী হোৱাৰ বিপৰীতে চীনত অধ্যনৰত ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হ'ল ১৮,১৭১ গৰাকী।