asamiya

মেট্ৰিকত জালিয়াতি ঃ মন্ত্ৰীৰ হেঁচাতহে বছৰি উত্তীৰ্ণৰ হাৰ অভাৱনীয়ভাৱে বৃদ্ধি

Sudipta | Wednesday, May 10, 2017 12:29 AM IST

স্পষ্টতঃ অসমৰ শেক্ষিক ক্ষেত্ৰত দীৰ্ঘকাল ধৰি সংঘটিত হৈ অহা এক অকল্পনীয়-ভয়াৱহ অনিয়মৰ সোমবাৰে বিস্ফোৰণ ঘটালে খোদ-শিক্ষা মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ।প্ৰতি বছৰে লক্ষ লক্ষ শিক্ষাৰ্থীৰ সৈক্ষিক জীৱনৰ 'টাৰ্ণিং পইণ্ট' হিচাপে চিহ্নিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ক্ষেত্ৰত খোদ শিক্ষা মন্ত্ৰীৰ প্ৰত্যক্ষ হস্তক্ষেপতে এনে ভয়াবহ অনিয়ম সংঘটিত হৈ আহিছে বুলি শিক্ষামন্ত্ৰী ডঃ শৰ্মাই সদনৰ মজিয়াত মুকলিকৈ ঘোষণা কৰে ।অবিশ্বাস্য হ'লেও সঁচা যে ৰাজ্য চৰকাৰৰ শিক্ষামন্ত্ৰীৰ প্ৰত্যক্ষ হস্তক্ষেপ তথা ইচ্ছা-অনিচ্ছাৰ ওপৰতে নিৰূপণ হয় হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সাফল্যৰ গ্ৰাফডাল ।শিক্ষাৰ্থীৰ প্ৰকৃত মেধাৰ সলনি শিক্ষামন্ত্ৰীৰ প্ৰত্যক্ষ নিৰ্দেশমৰ্মেই ছেবাই নিৰূপণ কৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সাফল্যৰ হাৰ ।এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে সোমবাৰে সদনৰ শূন্যকালীন ঘণ্টাত শিক্ষকৰ সমস্যা সন্দৰ্ভত উত্থাপন কৰা এক প্ৰশ্নৰ উত্তৰ প্ৰসংগত শিক্ষামন্ত্ৰী ডঃ শৰ্মাই কয় ঃআমাৰ সলকোৱে কেৱল শিক্ষকৰ সমস্যাক লৈ ব্যস্ত ।কিন্তু শিক্ষাৰ্থী তথা শিক্ষাৰ গুণগত সমস্যাক লৈ কোনেও উদ্বিগ্নতা প্ৰকাশ নকৰে ।মেট্ৰিক (হাইস্কুল শিক্ষান্ত পৰীক্ষা)ৰ বিগত কেইবাটা বছৰৰ ফলাফলৰ ক্ষেত্ৰত সংঘটিত হৈ আহিছে চৰম ভয়াবহ নিয়ম ।অগপৰ বৃন্দাবন গোশ্বামী শিক্ষামন্ত্ৰী হৈ থকা সময়ছোৱাত মেট্ৰিকৰ উত্তীৰ্ণৰ হাৰ আছিল প্ৰায় ৩৫ শতাংশ ।কিন্তু ইয়াৰ পৰৱৰ্তী সময়ত হঠাৎ এই হাৰ স্বাভাৱিকভাৱে কেনেকৈ বৃদ্ধি পালে? প্ৰকৃতাৰ্থতে প্ৰতি বছৰে ২২-২৩ শতাংশ শিক্ষাৰ্থীহে মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয় ।কিন্তু শিক্ষামন্ত্ৰীৰ প্ৰত্যক্ষ হেঁচাত এই পৰিমাণ ৬০-৬৫ শতাংশলৈ বৃদ্ধি কৰি দিয়া হয় ।