asamiya

‘সত্য ভাৰতী বিশ্ববিদ্যালয়’ নামেৰে বিশ্ববিদ্যালয় স্থাপন কৰিব ভাৰতী গ্ৰুপে

Webdesk | Sunday, November 26, 2017 9:51 PM IST

জনকল্যাণৰ অৰ্থে সম্পত্তিৰ ১০ শতাংশ ধন অৰ্থাৎ ৭ হাজাৰ কোটি টকা দান হিচাপে আগবঢ়াব সুনীল মিট্টাল মালিকানাধীন ভাৰতী গ্ৰুপে। এই পৰিমাণৰ ধনৰাশিৰে উত্তৰ ভাৰতত এখন 'সত্য ভাৰতী' বিশ্ববিদ্যালয় নামেৰে এখন কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান স্থাপন কৰিব ভাৰতী গ্ৰুপে। লগতে ইয়াৰ কিছু অংশ গ্রুপৰ ভাৰতী ফাউণ্ডেচনলৈও আগবঢ়োৱা হ'ব। স্থাপন কৰিবলগীয়া সত্য ভাৰতী বিশ্ববিদ্যালয়ৰ অধীনত দেশৰ আৰ্থিক দুৰৱস্থাৰ বাবে উচ্চ শিক্ষাৰ পৰা বঞ্চিত মেধাৱী শিক্ষার্থীক বিনামূলীয়া শিক্ষা প্ৰদান কৰা হ'ব। এই সন্দৰ্ভত সুনীল মিট্টালে জনায় যে অহা ২০২১ত আৰম্ভ কৰা হ'ব এই বিশ্ববিদ্যালয়ৰ শিক্ষাদান প্ৰক্ৰিয়া। উল্লেখ্য যে ইয়াৰ পূৰ্বে ইনফ'ছিছৰ অনা কাৰ্যবাহী অধ্যক্ষ নন্দন নিলোকানি আৰু তেওঁৰ পত্নীয়ে তেওঁলোকৰ মুঠ সম্পত্তিৰ আধা অংশ দান হিচাপে আগবঢ়াব বুলি ঘোষণা কৰিছিল।