asamiya

আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা

Webdesk | Wednesday, December 13, 2017 11:30 PM IST

আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হৈছে। সেই মৰ্মে ছাত্ৰ একতা সভাৰ সভাপতি নিৰ্বাচিত হৈছে বি ডি এছৰ শিক্ষাৰ্থী মাস্কোৰ আহমেদ ওছমানি। বিহাৰৰ বাসিন্দা ওছমানিয়ে নিৰ্বাচনত বিজয়ী হোৱাৰ পিছত সকলোৱে গণতান্ত্ৰিকভাৱে দেশক আগবঢ়ায় নিয়া উচিত বুলি মন্তব্য কৰে। উপ-সভাপতি পদত নিৰ্বাচিত হয় ইতিহাসৰ পি এইচ ডিৰ শিক্ষাৰ্থী ছাজাদ ছুবান ৰাদাৰ, ইফালে এগ্ৰ' বিজনেছৰ শিক্ষাৰ্থী মহম্মদ সাহাদ নিৰ্বাচিত হৈছে সম্পাদক পদৰ বাবে। এই নিৰ্বাচনত বিশ্ববিদ্যালয়খনৰ ১৮,১৮৮ জন শিক্ষাৰ্থীয়ে ভোটদান কৰিছিল।