ছ'চিয়েল ৱৰ্ক পাঠ্যক্ৰম অধ্যয়ন কৰি ছাত্ৰ-ছাত্ৰীয়ে উন্নত কেৰিয়াৰ গঢ়িব পাৰে ।ছ'চিয়েল ৱৰ্ক ৰ স্নাতক পাঠ্যক্ৰম নামভৰ্তিৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে উচ্চতৰ মাধ্যমিকৰ যিকোনো শাখাৰ উত্তীৰ্ণ হ'ব লাগিব ।ছ'চিয়েল ৱৰ্কত স্নাতক পাঠ্যক্ৰম প্ৰদান কৰা শিক্ষানুষ্ঠনৰ সংখ্যা কম যদিও ছ'চিয়েল ৱৰ্কত স্নাতকোত্তৰ পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে যিকোনো বিষয়ৰ স্নাতক ডিগ্ৰী লাভ কৰিব লাগিব ।তাৰ উপৰি ছ'চিয়েল ৱৰ্কত চাৰ্টিফিকেট, ডি'প্লমা, এম ফিল, পি এইচ ডি পাঠ্যক্ৰম অধ্যয়ন কৰিব পৰা সুবিধা আছে ।আসমতো ছ'চিয়েল ৱৰ্কত শিক্ষা গ্ৰহণ কৰিব পৰা শিক্ষানুষ্ঠান আছে ।অসম বিশ্ববিদ্যালয়ত ছ'চিয়েল ৱৰ্ক বিষয়ৰ স্নাতকোত্তৰ পাঠ্যক্ৰমত আসনৰ সংখ্যা ৫খন লগতে পি এইচ ডি পাঠ্যক্ৰম অধ্যয়ন কৰিব পৰা সুবিধা আছে ।ডিব্ৰুগড় ছ'চিয়েল ৱৰ্ক বিষয়ৰ স্নাতকোত্তৰ পাঠ্যক্ৰমত আসনৰ সংখ্যা ২৫টা ।এই বিশ্ববিদ্যালয়খনতো পি এইচ ডি পাঠ্যক্ৰম অধ্যয়ন কৰিব পৰা সুবিধা আছে ।তেজপুৰ বিশ্ববিদ্যালয়ত ছ'চিয়েল ৱৰ্ক বিষয়ৰ স্নাতকোত্তৰ পাঠ্যক্ৰমত আসনৰ সংখ্যা ১৫টা ।টাটা ইনষ্টিটিউট অৱ ছ'চিয়েল ছায়েন্সৰ গুৱাহাটী কেম্পাছত ছ'চিয়েল ৱৰ্ক ৰ চাৰিটা বিশেষ বিষয়ৰ স্নাতকোত্তৰ পাঠ্যক্ৰমত আছে ।