asamiya

ছেবিত সহকাৰী প্ৰবন্ধকৰ ২৯টা পদ

Sudipta | Wednesday, May 17, 2017 2:58 PM IST

ছিকিউৰিৃী এণ্ড এক্সেঞ্জ ব'ৰ্ড, চমুকৈ ছেবিত সহকাৰী প্ৰবন্ধকৰ ২৯টা পদত নিযুক্তি দিয়াৰ বাবে অৰ্হতাসম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন আহ্বান কৰা হৈছে ।

পদৰ সংখ্যা:- সহকাৰী প্ৰবন্ধক (সাধাৰণ)ৰ ১৯টা, সহকাৰী প্ৰবন্ধক (আইন)ৰ ৬টা আৰু সহকাৰী প্ৰবন্ধক তথ্য প্ৰযুক্তিৰ ১টা ।অফিচিয়েল লেংগুৱেজৰ সহকাৰী প্ৰবন্ধকৰ ১টা, গৱেষণাৰ সহকাৰী প্ৰবন্ধকৰ ২টা ।

শৈক্ষিক অৰ্হতা:- এই পদসমূহৰ বাবে সুকীয়া সুকীয়া শৈক্ষিক অৰ্হতা প্ৰয়োজন ।সহকাৰী প্ৰবন্ধক (সাধাৰণ) বৰ্গৰ বাবে প্ৰাৰ্থী, অৰ্থনিতী, বাণিজ্য, বিজনেছ এডমিনিষ্ট্ৰেচন আদি বিষয়ত স্নাতকোত্তৰ ডিগ্ৰীধাৰী ।আইন বিষয়ৰ সহকাৰী প্ৰবন্ধক পদৰ বাবে আইনৰ স্নাতক ডিগ্ৰীধাৰী তথ্য প্ৰযুক্তিৰ সহকাৰী প্ৰবন্ধক পদৰ বাবে প্ৰাৰ্থী অভিযান্ত্ৰিক শাখাত প্ৰথম শ্ৰেণীৰ স্নাতক ডিগ্ৰীধাৰী হ'ব লাগিব ।অফিচিয়েল লেংগুৱেজৰ বাবে হিন্দী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰীধাৰী, গৱেষণাৰ সহকাৰী প্ৰবন্ধকৰ নানে পৰিসংখ্যা, অৰ্থনীতি, বাণিজ্য, বিজনেছ এডমিনিষ্ট্ৰেচনত স্নাতকোত্তৰ ডিগ্ৰীধাৰী ।

দৰমহা:- প্ৰথম শ্ৰেণী বিষয়াৰ দৰমহা নিৰিখ অনুসৰি ।

ঠিকনা:- প্ৰাৰ্থীয়ে তলৰ ৱেবছাইটৰ জৰিয়তে অনলাইন আবেদন জনাব পাৰিব ।ৱেবছাইট : www.sebi.gov.in

আবেদনৰ অন্তিম তাৰিখ অহা ২৪ মে', ২০১৭ ।