asamiya

৩০ মে’ত দহটা ৱেবছাইটসহ এছ এম এছতো উঃমাঃৰ ফলাফল

Sudipta | Monday, May 29, 2017 3:46 PM IST

অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ দ্বাৰা পৰিচালিত ২০১৭ চনত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কলা, বিজ্ঞান, বাণিজ্য আৰু বৃত্তিমুখী শাখাৰ ফলাফলসমূহ অহা ৩০ মে'ত দিনৰ ১০ বজাত ঘোষণা কৰা হ'ব ।ৰাজ্যৰ আটাইকেইখন জিলাৰ সদৰ স্থান তথা সদ্য ঘোষণাকৃত বিশ্বনাথ চাৰিআলি, হোজাই আৰু মাজুলী জিলাৰ সদৰ স্থানৰ উপৰি গহপুৰ, বজালী, কলীয়াবৰ, শদিয়া আৰু ৰঙিয়া মহকুমা সদৰ স্থানত ঘোষণা কৰা হ'ব ।সংশ্লিষ্ট জিলা আৰু উল্লেখিত মহকুমাৰ অন্তৰ্গত শিক্ষানুষ্ঠানবোৰে নিজ নিজ জিলা আৰু মহকুমা সদৰ ঠাইত অৱস্থিত মুখ্য শিক্ষানুষ্ঠানৰ পৰা ফলাফল তথা নম্বৰ তালিকাৰ লগতে প্ৰমাণপত্ৰসমূহ সংগ্ৰহ কৰিব লাগিব ।ইফালে এই পৰীক্ষাৰ ফলাফল অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ ৱেবছাইট www.ahsec.nic.inত উপলদ্ধ হোৱাৰ উপৰি আন ৯টা ৱেবছাইটতো উপলব্ধ হ'ব ।