asamiya

মে’ৰ শেষত উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণা

Sudipta | Friday, May 19, 2017 12:12 AM IST

চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল মে' মাহৰ শেষৰ ভাগত ঘোষণা কৰিবলৈ সাজু হৈছে উচ্চতৰ মাধ্যমিক শিক্ষা সাংসদে ।বুধবাৰে সাংসদৰ এক উচ্চস্তৰীয় সূত্ৰই এই বিষয়ে জানিবলৈ দি কয় যে যথাসম্ভৱ ২৭ মে'ত ফলাফল ঘোষণা কৰাৰ সম্ভাৱনা আছে ।অৱশ্যে এই পৰ্যন্ত তাৰিখ নিৰ্দিষ্ট কৰা নাই বুলি সূত্ৰটোৱে সদৰী কৰি ফলাফল ঘোষণাৰ বাবে সংসদ সম্পূৰ্ণ সাজু হৈ উঠা বুলি জানিবলৈ দিয়ে ।এইবাৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত মুঠ ২ লাখ ৪৯ হেজাৰ ৩১৭ গৰাকী ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছে ।ইয়াৰে ক'লা শাখাত ১ লাখ ৯৪ হেজাৰ ০৬৯ গৰাকী, বিজ্ঞান শাখাত ৩৭ হেজাৰ ৩৫০ গৰাকী আৰু বাণিজ্য শাখাত ১৭ হেজাৰ ৮৯৪ গৰাকী ছাত্ৰ-ছাত্ৰী চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ লগতে কাৰিকৰী শাখাত ১০৬৯ গৰাকী অৱতীৰ্ণ হৈছে ।৮২০টা কেন্দ্ৰৰ অধীনত পৰিচালিত হোৱা পৰীক্ষাৰ ফলাফলক লৈ এতিয়া অপেক্ষা ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱকসকল ।