asamiya

লক্ষীবাই নেচনেল কলেজ অব্ ফিজিকেল এডুকেচন

Fazil Ahamed N | Tuesday, December 13, 2016 9:54 AM IST

আমাৰ দেশত ক্ৰীয়া ক্ষেত্ৰৰ বিভিন্ন পাঠ্যক্ৰম পঠান পাঠনৰ এক উল্লেখযোগ্য শিক্ষায়তন হ'ল ক্ৰীয়া মন্ত্ৰালয়ৰ অধীনত লক্ষীবাই নেচনেল কলেজ অব্ ফিজিকেল এডুকেচন ।গোৱালিয়ৰত থকা মূল শিক্ষায়তনক সম্প্ৰতি ডিমড বিশ্ববিদ্যালয়ৰ স্বীকৃতি দিয়া হৈছে ।এই  শিক্ষায়তন বিভিন্ন ৰাজ্যত থকা শাখা  শিক্ষায়তনসমূহো বিভিন্ন ৰাজ্যৰ ৰাজ্যিক চৰকাৰ অথবা বিশ্ববিদ্যালয়ৰ পৰা স্বীকৃতিপ্ৰাপ্ত ।অসমৰ সোণাপুৰৰ ওচৰৰ টেপেচিয়াত আছে লক্ষীবাই নেচনেল কলেজ অব্ ফিজিকেল এডুকেচনৰ শিক্ষায়তন।এই শিক্ষায়তনত নামভৰ্তিৰ বাবে প্ৰৱেশ পৰীক্ষা দিব লাগে ।