asamiya

ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়

Webdesk | Thursday, December 8, 2016 10:35 AM IST

কৰ্মৰ তাড়ানা তথা ঘৰুৱা সমস্যাৰ বাবে বহুতেই শিক্ষাজীৱনৰ সামৰণি মাৰিব লগীয়া হয় ।এনে লোকৰ বাবে প্ৰায় সকলো দেশতেই স্থাপন হৈ আছে দূৰ আৰু মুক্ত শিক্ষাৰ প্ৰতিষ্ঠান (Indira Gandhi National Open University) ।ইয়াৰ জৰিয়তে মানুহে কামত নিয়োগ হৈ থাকিও পৰৱৰ্তী অধ্যয়ন কৰিব পাৰে ।পূৰ্বৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ নামত উৎসৰ্গিত ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় । ১৯৮৫ চনত দিল্লীৰ গাৰ্হি ময়দানত স্থাপন হয় । ইগনো হৈছে আটাইতকৈ সৰ্বব্ৃহত বিশ্ববিদ্যালয় যাৰ অধীনত ৮০ লাখৰো অধিক শিক্ষাৰ্থী আছে ।প্ৰতিখন ৰাজ্যতে আছে ৰিজনেল চেণ্টাৰ ।

ইগনোৰ অধীনত 'কৌশল বিকাশৰ' প্ৰগ্ৰেমৰ শিক্ষাও প্ৰদান কৰা হয় । ইগনোৰ ২০১৭ বৰ্ষৰ নামভৰ্তিৰ বাবে অনলাইন নামভৰ্তি চলি আছে ।