asamiya

আই আই এম কলকাতাৰ বিশেষ পদক্ষেপ গ্ৰহণ : বৃহৎ সংখ্যক চাকৰি সৃষ্টিৰ সম্ভাৱনা

Webdesk | Monday, December 25, 2017 11:19 PM IST

আই আই এম কলকাতা ইন'ভেচন পার্ক (আই আই এম চি আই পি)-এ ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিজ্ঞান বিভাগ (ডি এছ টি)ৰ সহযোগিতাত ঘোষণা কৰিছে নৰ্থ-ইষ্ট এক্সিলাৰেটৰ প্ৰগ্ৰেমৰ। যাৰ উদ্দেশ্য হৈছে উত্তৰ-পূৱ ভাৰতৰ সম্ভাৱনাময় উদীয়মান উদ্যমীসকলক চিনাক্ত কৰা আৰু তেওঁলোকৰ ব্যৱসায় বৃদ্ধি কৰিবলৈ এক সহযোগিতামূলক পৰিবেশ সৃষ্টি কৰা। এই উদ্যোগ, যি সম্ভৱতঃ এই অঞ্চলটোৰ বাবে প্ৰথম পদক্ষেপ। ই হৈছে এক অদ্বিতীয় উদ্যোগ যিয়ে আঞ্চলিক উদ্যোমিতাৰ পৰিবেশত সকলো অংশীদাৰক একত্ৰিত কৰিব, য'ত আছে ষ্টাৰ্টআপ, বিনিয়োগকাৰী, পৰামৰ্শদাতা আৰু বিভিন্ন বিষয়ৰ বিশেষজ্ঞসকল। নিৰ্বাচিত উদ্যমীসকলে বুট কেম্পত অংশগ্ৰহণ কৰাৰ সুবিধা লাভ কৰিব আৰু ব্যৱসায়ৰ বিভিন্ন দিশ সম্পৰ্কে আই আই এম চি আই পিৰ বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব পাৰিব।