asamiya

আই চি এ যোৰহাটৰ ‘যুৱ প্ৰতিভা স্ক’লাৰশ্বিপ’ ২০১৭ আৰম্ভ

Webdesk | Sunday, November 5, 2017 12:02 AM IST

ভাৰতৰ আগশাৰীৰ কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান আই চি এৰ এইবর্ষৰ 'যুৱ প্ৰতিভা স্ক'লাৰশ্বিপ' যোৱা ১ নবেম্বৰৰ পৰা অহা ৩০ নৱেম্বৰলৈ আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছে। সমগ্ৰ ভাৰতৰ আই চি এৰ বিভিন্ন শাখাৰ লগতে উজনি অসমৰ একমাত্ৰ শাখা যোৰহাটেও আৰম্ভ কৰিছে এই স্ক'লাৰশ্বিপ। স্ক'লাৰশ্বিপৰ অধীনত প্ৰতিজন শিক্ষাৰ্থীয়ে আই চি এৰ এবছৰীয়ায়া পাঠ্যক্ৰমত ৫০% লৈকে পাঠ্যক্ৰমৰ মাচুলত ৰেহাই লাভ কৰিব পাৰিব। যোৰহাট শাখাই নিজ প্ৰতিষ্ঠানত প্ৰতিদিনে দিনৰ ১০.৩০, ১২.৩০ আৰু ৩.৩০ বজাত এই স্ক'লাৰশ্বিপৰ অধীনত এটি পৰীক্ষাৰ আয়োজন কৰিছে। এই পৰীক্ষাত লাভ কৰা নম্বৰৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীসকলক নামভৰ্তিৰ মাচুলত ৰেহাই প্ৰদান কৰা হ'ব। ইতিমধ্যে যোৰহাটৰ বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীয়ে এই পৰীক্ষাত অৱতীৰ্ণ হৈছে। যোৰহাটস্থিত প্ৰতিষ্ঠানখনে জনোৱা অনুসৰি এই স্ক'লাৰশ্বিপ সমগ্ৰ নৱেম্বৰ মাহতে মুকলি থাকিব। ইচ্ছুক ছাত্ৰ-ছাত্ৰীয়ে ৯৮৬৪২৫৬৯৬৪/৯৪৩৫০৫৪৫৯৪/৯৯৫৭৩১২৮১৫ নম্বৰত ফোন কৰি সবিশেষ তথ্য লাভ কৰিব পাৰিব।