asamiya

পহিলা জুনৰ পৰা আৰম্ভ হ’ব কটন বিশ্ববিদ্যালয়

Sudipta | Tuesday, May 30, 2017 1:39 AM IST

'ঐতিহ্যৰ লগত আধুনিকতাৰ সংমিশ্ৰণেৰে কটন বিশ্ববিদ্যালয়ক আধুনিক ভাতৰত উজ্জ্বল জ্যোতিষ্ক হিচাপে আমি গঢ়ি তুলিব লাগিব ।কটন কলেজৰ এটা নতুন ইতিহাস আৰম্ভ হ'ব অহা ১ জুনৰ পৰা ।সেইদিনাৰ পৰা কটন কলেজ আৰু কটন ৰাজ্যিক বিশ্ববিদ্যালয় কটন বিশ্ববিদ্যালয় হিচাপে পৰিচিত হ'ব ।'-এই মন্তব্য ৰাজ্যৰ শিক্ষামন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ।দেওবাৰে গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰ শ্ৰীমন্ত শংকৰদেৱ আন্ত ঃ ৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত কটন কলেজ ৰাজ্যিক বিশ্ব বিদ্যালয়ৰ প্ৰথম সমাৱৰ্তন অনুষ্ঠানত অংশ লৈ তেওঁ এইদৰে কয় ।ভাষণ প্ৰসংগত শিক্ষামন্ত্ৰীগৰাকীয়ে কয় ঃ কটন কলেজৰ যিটো উপকাৰ্যৰ যাত্ৰা তাত এনেকুৱা অনুষ্ঠানবিলাকে যথেষ্ট উৎসাহ যোগায় ।কটন কলেজ অসমত এভাৰেষ্টৰ দৰে জিলিকি থকা এক অনুষ্ঠান ।যাৰ কোনো শক্ৰু নাই ।এনে অনুষ্ঠান পৃথিৱীৰ ভিতৰত বিৰল ।কৃন কলেজৰ সুকীয়া তাৎপৰ্য আছে বুলিও তেওঁ মনব্তব্য কৰে ।তেওঁ লগতে কয় ঃ ১৯৪৮ চনত গুৱাহাটী বিশ্ববিদ্যালয় স্থাপনৰ আগত ৪৮টা বছৰে অসমত কটন কলেজে উচ্চ শিক্ষাৰ  ক্ষেত্ৰত ্এক নৱজাগৰণৰ সৃষ্টি কৰিছিল ।এই শিক্ষানুষ্ঠানখনে অসমত উচ্চ শিক্ষাৰ পোহৰৰ বাট  দেখুৱাইছিল ।সেয়ে আগন্তুক সময়ত কটন বিশ্ববিদ্যালয়ে অসমৰ ৰাইজক ভাল খৱৰ দিয়াৰ প্ৰচেষ্ঠা গ্ৰহণ কৰিব লাগিব বুলিও  শিক্ষামন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে ।