asamiya

নকলৰ পয়োভৰ কমা বাবেই উত্তীৰ্ণৰ হাৰ হ্ৰাস পোৱাৰ দাবী হিমন্তৰ 

Sudipta | Friday, June 2, 2017 12:18 AM IST

নকলৰ পয়োভৰ কমা বাবেই উত্তীৰ্ণৰ হাৰ হ্ৰাস পোৱাৰ দাবী হিমন্তৰ 

বহু বছৰৰ মূৰত এইবাৰহে মেট্ৰিকৰ বাস্তৱ ৰিজাল্ট হৈছে ।-গ্ৰেছ মাৰ্ক বিৰত্কৰে ফলাফল ঘোষণাৰ পূৰ্বেই মেট্ৰিক পৰীক্ষাৰ উত্তীৰ্ণৰ হাৰ নিম্নগামী হোৱাৰ ইংগিত দিয়া শিক্ষামন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল প্ৰসংগত এনেদৰে মন্তব্য কৰিছে ।শিক্ষামন্ত্ৰীগৰাকীৰ মতে এইবাৰ ৰাজ্যৰ সৰ্বত্ৰ পৰীক্ষা কেন্দ্ৰসমূহত নকলৰ পয়োভৰ কমা বাবেহে উত্তীৰ্ণৰ হাৰ হ্ৰাস পাইছে ।শিক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে মেট্ৰিকত উত্তীৰ্ণৰ হাৰ ৪৭.৯৪ শতাংশলৈ অৱনমিত হোৱাত তেওঁ একো আচৰিত হোৱা নাই ।উত্তীৰ্ণৰ হাৰ আৰু কমিব বুলিহে ভাবিছিল বুলি মন্তব্য কৰি শিক্ষা মন্ত্ৰীগৰাকীয়েবুধবাৰে কয় যে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ঘোষিত ফলাফলত যিসকল পৰীক্ষাৰ্থী অনুত্তীৰ্ণ হৈছে তেওঁলোকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ দিন-বাৰ আনুষ্ঠানিকভাৱে ছেবাই ঘোষণা কৰিব ।পৰীক্ষাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক আৰু দুমাহ পঢ়িবলৈ সময় দি দুমাহ পাছতে পৰীক্ষাৰ দিন-বাৰ ধাৰ্য কৰা হ'ব বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে ।তেওঁ কয় যে আজি ঘোষিত ফলাফলত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলে মহাবিদ্যালয়সমূহত নামভৰ্তি কৰিবলৈ সাজু হোৱাৰ সময়তে ছাপ্লিমেণ্টৰী পৰীক্ষা অনুষ্ঠিত কৰা হ'ব ।