asamiya

অসম লোকসেৱা আয়োগৰ অধীনত বিদ্যালয় পৰিদৰ্শক নিযুক্তি

Sudipta | Thursday, May 18, 2017 3:44 PM IST

অসম লোকসেৱা আয়োগে কিছুসংখ্যক বিদ্যালয় পৰিদৰ্শক পদ পূৰণৰ বাবে অৰ্হতাসম্পন্ন ভাৰতীয় নাগৰিকৰ পৰা আবেদন আহ্বান কৰিছে ।বিদ্যালয় পৰিদৰ্শক সংখ্যাৰ পদ ৮টা ।প্ৰাৰ্থী দ্বিতীয় শ্ৰেণীত স্নাতকোত্তৰ ডিগ্ৰীধাৰী হোৱাৰ লগতে বিদ্যালয় বা মহাবিদ্যালয় ত ১০ বছৰ শিক্ষাদানৰ অভিজ্ঞতা থকা হ'ব লাগিব ।প্ৰাৰ্থীৰ বি টি বা বি এধ ডিগ্ৰী থাকিব লাগিব ।প্ৰাৰ্থীৰ সৰ্বাধিক বয়স ৩ মাৰ্চ ২০১৭ত ৪৩ বছৰৰ অধিক হ'ব নোৱাৰিব ।সংৰক্ষণ অনুপাতে বয়সৰ ঊৰ্ধ্বসীমা ৰেহাইৰ ব্যৱস্থা আছে ।দৰমহাঃ ১২ হেজাৰ টকাৰ পৰা ৪০ হেজাৰ টকা ।লগতে অন্যান্য বনাচ ।আবেদনৰ অন্তিম তাৰিখ অহা ৩১ মে' ।বিতং তথ্যৰ বাবে (www.apsc.nic.in) চাব পাৰিব ।