asamiya

সপ্তম দৰমহা আয়োগ ঃ প্ৰাথমিক শিক্ষকক বঞ্চনাৰ অভিযোগ শিক্ষক সন্মিলনীৰ

Sudipta | Tuesday, May 9, 2017 1:51 AM IST

সপ্তম দৰমহা আয়োগৰ প্ৰতিবেদন ৰাজ্য চৰকাৰৰ কেবিনেট গ্ৰহণ কৰি কাৰ্যকাৰী কৰাৰ বাবে দিয়া নিৰ্দেশক একাংশ বিষয়াই অংগুষ্ঠ প্ৰদৰ্শন কৰি কাৰ্যকৰী কৰাৰ পৰা বিৰত থকাক লৈ অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।দেওবাৰে সন্মিলনীৰ প্ৰধান সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামীয়ে কয় ঃ মাহৰ প্ৰথমটো সপ্তাহ পাৰ হোৱাৰ পাছতো ৰাজ্যখণ্ডৰ কোনো এটা শিক্ষাখণ্ডতেই শিক্ষকক দৰমহা দিব নোৱাৰাটো শিক্ষা বিভাগৰ চৰম ব্যৰ্থতা আৰু ইয়াত গণতান্ত্ৰিক প্ৰতিবাদৰ বিকল্প নাই ।সপ্তম দৰমহা আয়োগে কেন্দ্ৰীয় চৰকাৰৰ সেউজ সংকেতৰ ভিত্তিত ৰাজ্যখনৰ প্ৰাথমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকসকলক মৰ্যাদা প্ৰদানেৰে গ্ৰেড-পেৰ ব্যৱস্থা কৰিছে ।ৰাষ্ট্ৰীয় নীতিৰ আধাৰত প্ৰাথমিক বিদ্যালয়ৰ স্নাতক শিক্ষককো প্ৰাপ্য প্ৰদানৰ ব্যৱস্থা কৰিছে ।তেনে স্থলত শিক্ষকসকলক বঞ্চিত কৰাৰ ষড়যন্ত্ৰত লোপ্ত সকলো পক্ষকে সকীয়নি দি সন্মিলনীয়ে অহা ১০ মে'ৰ ভিতৰত নতুন দৰমহা নীতি মতে প্ৰাথমিক শিক্ষকক দৰমহা প্ৰদানৰ দাবী জনোৱা বুলি প্ৰধান সম্পাদকগৰাকীয়ে প্ৰকাশ কৰে ।