asamiya

নেচনেল ফাৰ্টিলাইজাৰ লিমিটেডত ৩৫টা পদ

Sudipta | Saturday, May 20, 2017 12:56 AM IST

নেচনেল ফাৰ্টিলাইজাৰ লিমিটেডত কিছুসংখ্যক বিপণন প্ৰতিনিধিৰ পদ পূৰণৰ বাবে অৰ্হতাসম্পন্ন নাগৰিকৰ পৰা আবেদন আহ্বান কৰা হৈছে । এই পদৰ সংখ্যা মাত্ৰ ৩৫টা ।প্ৰাৰ্থীৰ নূন্যতম ৫০ শতাংশ নম্বৰসহ কৃষি বিজ্ঞানৰ স্নাতক ডিগ্ৰীধাৰী হ'ব লাগিব ।আবেদন জনোৱা অনলাইন পৰীক্ষাৰ ভিত্তিত নিৰ্বাচন কৰা হ'ব ।প্ৰাৰ্থীৰ বয়স চলিত বৰ্ষৰ ৩০ এপ্ৰিলত ৩০ বছৰতকৈ কম হ'ব লাগিব ।সংৰক্ষিত প্ৰাৰ্থীৰ বাবে বয়সৰ উৰ্ধ্বসীমা ৰেহাইৰ ব্যৱস্থা আছে ।দৰমহা ঃ ১৫০০ টকাৰ পৰা ১৯৫০০ টকা ।ঠিকনাঃ প্ৰাৰ্থীয়ে তলৰ ৱেবছাইটৰ জৰিয়তে আবেদন জনাব লাগিব ।ৱেবছাইট ঃ www.nationalfertilizers.com ।আবেদনৰ অন্তিম তাৰিখ অহা ১ জুন ।