asamiya

অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানত ১.৪৮ কোটি টকাৰে নিৰ্মাণ কৰা হ’ব দক্ষতা বিকাশ প্ৰশিক্ষণ কেন্দ্ৰ

Webdesk | Saturday, March 3, 2018 11:04 PM IST

গুৱাহাটীৰ চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানত প্ৰায় ১.৪৮ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হ'ব দক্ষতা বিকাশ প্ৰশিক্ষণ কেন্দ্ৰ। পাৱাৰ গ্ৰীড কৰ্প'ৰেচনে সামাজিক দায়বদ্ধতা শিতানৰ অধীনত এই প্ৰশিক্ষণ কেন্দ্ৰটো নিৰ্মাণৰ আঁচনি লৈছে। অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ অধ্যক্ষ অক্ষয় চন্দ্ৰ কলিতাই জনোৱা মতে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ যুৱক-যুৱতীসকলক বৃত্তিমুখী প্ৰশিক্ষণৰ মাধ্যমেৰে দক্ষ কৰি তুলাই প্ৰশিক্ষণ কেন্দ্ৰৰ মূল লক্ষ্য হ'ব। যুৱক-যুৱতীসকলে যাতে নিজ দক্ষতাৰে কৰ্মসংস্থাপন লাভ কৰিব পাৰে সেই উদ্দেশ্যে দক্ষতা বিকাশ প্ৰশিক্ষণ কেন্দ্ৰ স্থাপনৰ আঁচনি লোৱা হৈছে। কলিতাই লগতে জনোৱা অনুসৰি এই আঁচনিৰ অধীনত মুঠ ছটা বিভাগত ২০ গৰাকীকৈ প্ৰতিটো বিভাগতে প্ৰাৰ্থীক প্ৰশিক্ষণ প্ৰদান কৰা হ'ব।