asamiya

এছ’চেমৰ সমীক্ষা : বি-স্কুলৰ মাত্ৰ ২০% শিক্ষাৰ্থীয়েহে লাভ কৰে চাকৰি

Webdesk | Friday, December 15, 2017 9:31 AM IST

দেশৰ মেনেজমেণ্ট শিক্ষা প্ৰতিষ্ঠানসমূহত (বি-স্কুল) শিক্ষাগ্ৰহণ কৰা মাত্ৰ ২০% শিক্ষাৰ্থীয়েহে চাকৰিৰ প্ৰস্তাৱ লাভ কৰে বুলি এক অধ্যয়নৰ জৰিয়তে প্ৰকাশ কৰিছে বাণিজ্যিক সংস্থা এছ'চেমে। এছ'চেমৰ মতে চলিত বৰ্ষত কেম্পাছ প্লেচমেণ্টৰ ক্ষেত্ৰত সৰ্বাধিক প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে বি-স্কুলসমূহ। মূলতঃ বিমুদ্রাকৰণ, ব্যৱসায়ৰ প্ৰতিকূল পৰিৱেশ, জি এছ টি আৰু নতুন প্ৰকল্প ৰূপায়নত দেখা দিয়া বাধাৰ বাবেই বি-স্কুলৰ শিক্ষাৰ্থীসকলৰ বাবে বৰ্তমান নিযুক্তি লাভ কৰাটো প্ৰত্যাহ্বানস্বৰূপ হৈ পৰিছে। 'বিভিন্ন বি-স্কুলৰ কেম্পাছ প্লেচমেণ্টত নিয়োগৰ জটিল পৰিস্থিতি পৰিলক্ষিত হৈছে। যোৱা বছৰ নিযুক্তি লাভ কৰা শিক্ষাৰ্থীৰ হাৰ ৩০% আছিল যদিও এইবাৰ এই পৰিমাণ ২০% লৈ অৱনমিত হৈছে' - এছ'চেমৰ সমীক্ষাত কোৱা হৈছে।