asamiya

৩১ মে’ৰ দিনৰ ১০ বজাত মেট্ৰিকৰ ফলাফল ঘোষণা

Sudipta | Saturday, May 27, 2017 8:25 PM IST

চলিত বৰ্ষত অনুষ্ঠিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাইমাদ্ৰাছাৰ ফলাফল অহা ৩১ মে'ৰ পুৱা ১০ বজাত প্ৰতিখন জিলাৰ বিদ্যালয়ৰ পৰিদৰ্শকৰ কাৰ্যালয়ত ঘোষণা কৰা হ'ব ।মাধ্যমিক শিক্ষা পৰিষদৰ সচিবগৰাকীয়ে এই বিষয়ে এক বিবৃতিযোগে সদৰী কৰে ।পৰীক্ষা কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়াসকলে নিজ নিজ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ৰ পৰা ফলাফলৰ পুস্তিকাৰ লগতে পৰীক্ষাৰ্থীৰ নম্বৰৰ তালিকা, উত্তীৰ্ণৰ প্ৰমাণপত্ৰ সংগ্ৰহ কৰিবলৈ অনুৰোধ জনায় ।ফলাফল ঘোষণাৰ দিনা ছেবাৰ মুখ্য কাৰ্যালয় বন্ধ থাকিব বুলি কৰ্তৃপক্ষই সদৰী কৰি কোনো ফলাফল মুখ্য কাৰ্যালয়তৰ ঘোষণা কৰা নহয় বুলিও স্পষ্ট কৰি দিয়ে ।