asamiya

ইউ জি চিৰ নতুন অধ্যক্ষ হিচাপে নিৰ্বাচিত ‘নাক’ৰ সঞ্চালক ধীৰেন্দ্ৰ নাথ পাল

Webdesk | Sunday, December 24, 2017 11:24 PM IST

বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য তথা 'নাক'ৰ সঞ্চালক অধ্যাপক ধীৰেন্দ্ৰ পাল সিং হ'ব বিশ্ববিদ্যালয় অনুদান আয়োগৰ নতুন অধ্যক্ষ। অধ্যাপক পাল সিঙে ২০০৮ চনৰ পৰা ২০১২ চনলৈ বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ পিচত ২০১২ চনৰ পৰা ২০১৫ চনলৈ ইণ্ডোৰৰ দেৱী আহিল্যা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ উপৰি সাগৰৰ ড° হৰি সিং গৌৰ বিশ্ববিদ্যালয়ৰো উপাচাৰ্য পদত অধিষ্ঠিত আছিল। বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হৈ থকাৰ সময়ত তেওঁ পাৰিপাৰ্শ্বিক আৰু বহনক্ষম উন্নয়ন প্ৰতিষ্ঠান, শান্তি আৰু আন্তঃসংস্কৃতি বুজাবুজিৰ বাবে ইউনেস্ক' আসনৰ শুভাৰম্ভ ঘটাইছিল। সেউজ বাৰ্তা সম্প্ৰসাৰণৰ বাবে তেওঁ প্ৰতি মাহৰ অন্তিমটো শনিবাৰে বিশ্ববিদ্যালয়লৈ চাইকেল চলাই আহি হাতে-কামে আদৰ্শ দেখুৱাইছিল।