asamiya

কাজিৰঙা বিশ্ববিদ্যালয়ত অহা ৫ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব ‘টেলেণ্ট তন্ত্ৰ’

Webdesk | Thursday, January 4, 2018 12:00 AM IST

উত্তৰ পূৱৰ আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠান কাজিৰঙা বিশ্ববিদ্যালয়ে অহা ৫ জানুৱাৰীৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰিছে 'টেলেণ্ট তন্ত্ৰ' শীৰ্ষক অনুষ্ঠান। উত্তৰ-পূৱৰ যুৱ প্ৰজন্মৰ মাজত থকা দক্ষতা আৰু প্ৰতিভাসমূহক বিচাৰি উলিওৱাৰ বাবে এই অনুষ্ঠানৰ আয়োজন কৰিছে বিশ্ববিদ্যালয়খনে। এই অনুষ্ঠানত যুৱ প্ৰজন্মৰ মাজত বিভিন্ন ধৰণৰ প্ৰতিযোগিতা যেনে - ৰবটিক প্ৰতিযোগিতা, মেনেজমেণ্ট গেম, থিয়েটাৰ, সংগীত, নৃত্য, ফটোগ্ৰাফী আদি অনুষ্ঠিত হ'ব। এই প্ৰতিযোগিতাসমূহৰ লগতে ভাৰতৰ জনপ্ৰিয় সংগীতজ্ঞ অমিত ত্ৰিৱেদীয়ে অনুষ্ঠান পৰিবেশন কৰিব। তদুপৰি 'উইণ্টাৰ ৰানৱে' আৰু 'ৰংগমঞ্চ' নামৰ কেইবাটাও অনুষ্ঠানৰ আয়োজন কৰা হৈছে। 'উইণ্টাৰ ৰানৱে' হৈছে ফেশ্বন আৰু সৌন্দৰ্যৰ অনুষ্ঠান, য'ত অংশগ্ৰহণকাৰীসকলে ৰেম্পত খোজ দিব। আনহাতে ৰংগমঞ্চ হ'ল এক থিয়েটাৰ কাৰ্যসূচী। প্ৰেৰণা বৰবৰুৱা আৰু ৰাজেশ ভূঞাৰ দৰে অসমীয়া চিনেমাৰ সৈতে জড়িত বিশিষ্ট ব্যক্তিসকল এই ৰংগমঞ্চৰ সৈতে জড়িত হৈ পৰিছে।