asamiya

বিজ্ঞান, ইঞ্জিনিয়াৰিঙৰ স্নাতক ডিগ্ৰী লাভ কৰা শিক্ষাৰ্থীৰ শীৰ্ষত ভাৰত

Webdesk | Saturday, January 20, 2018 9:22 AM IST

বাৰ্ষিক হিচাপত বিজ্ঞানৰ বিভিন্ন শাখা আৰু ইঞ্জিনিয়াৰিঙৰ স্নাতক ডিগ্ৰীধাৰী ছাত্ৰ-ছাত্ৰীৰ সংখ্যাত বিশ্বৰ ভিতৰতে শীর্ষস্থান দখল কৰিছে ভাৰতে। শেহতীয়াকৈ নেচনেল ছায়েন্স ফাউণ্ডেচনে চলোৱা এক সমীক্ষাৰ জৰিয়তে এই তথ্য পোহৰলৈ আহিছে। সমীক্ষাটোৰ মতে ২০১৪ বৰ্ষত সমগ্ৰ বিশ্বত ৭.৫ নিযুত শিক্ষাৰ্থীয়ে বিজ্ঞান আৰু ইঞ্জিনীয়াৰিঙৰ স্নাতক ডিগ্ৰী লাভ কৰিছিল আৰু ইয়াৰ এক-চতুৰ্থাংশ শিক্ষাৰ্থীয়েই আছিল ভাৰতৰ। অৱশ্যে গৱেষণা আৰু উন্নয়নমূলক ব্যয়ৰ ক্ষেত্ৰত শীর্ষস্থানত আছে আমেৰিকা। এনুৱেল ইঞ্জিনিয়াৰিঙৰ ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিং ইণ্ডিকেটৰছ -২০১৮'শীর্ষক এই সমীক্ষাটোৰ মতে বিজ্ঞান আৰু ইঞ্জিনিয়াৰিঙৰ ক্ষেত্ৰখনৰ বিকাশৰ ক্ষেত্ৰত চীনেও দ্ৰুত উন্নতি সাধন কৰিছে।