asamiya

তিনিটা বিষয়ত ৫কৈ মেট্ৰিকত সৰ্বমুঠ ১৫ গ্ৰেছ নম্বৰ

Sudipta | Tuesday, May 23, 2017 3:04 AM IST

অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ ছেবাৰ অধীনস্থ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সামগ্ৰিক ফলাফল তথা গ্ৰেছ নম্বৰক লৈ শেহতীয়াকৈ ৰাজ্যজুৰি অব্যাহত থকা তুমুল বিতৰ্কৰ মাজতে চলিত বৰ্ষৰ পৰীক্ষাত সৰ্বোচ্চ পাঁচ নম্বৰকৈ তিনিটা বিষয়ত সৰ্বমুঠ ১৫ গ্ৰেছ নম্বৰ দিয়া হ'ব বুলি দেওবাৰে আনুষ্ঠানিকভাৱে ঘোষণা কৰে শিক্ষা মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ।গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ মৃদুল হাজৰিকাৰ অধ্যক্ষতাত গঠিত চাৰিজনীয়া উপাচাৰ্য কমিটীখনে আগবঢ়োৱা পৰামৰ্ষৰ ভিত্তিত ২০১৭ বৰ্ষত অনুষ্ঠিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ক্ষেত্ৰত এই নীতি গ্ৰহণ কৰা হ'ব ।জনতা ভৱনত দেওবাৰে ৩ বজাত অনুষ্ঠিত এক সংবাদমেলত এই বিষয়ে সদৰী কৰি শিক্ষা মন্ত্ৰী ডঃ শৰ্মাই কয় ঃ ৰাজ্য চৰকাৰে চাৰিগৰাকী উপাচাৰ্যক লৈ যোৱা ১১ মে'ত গঠন কৰা কমিটীখনে ইতিমধ্যে প্ৰতিবেদন দাখিল কৰিছে ।ৰাজ্য চৰকাৰে এই প্ৰতিবেদনখন গ্ৰহণ কৰি জ্ঞাৱতীয় ব্যৱস্থা গ্ৰহণৰ বাবে ছেবালৈ প্ৰেৰণ কৰিছে ।চাৰিগৰাকী উপাচাৰ্যৰে গঠিত কমিটীখনে দিয়া পৰামৰ্শ অনুসৰি নিৰ্ধাৰিত নম্বৰপ্ৰাপ্তিৰ অভাৱত অনুত্তীৰ্ণ হ'বলগীয়া শিক্ষাৰ্থীকহে ১ৰ পৰা ৫ৰ ভিতৰত গ্ৰেছ নম্বৰ দিব পাৰিব ।এই গ্ৰেছ নম্বৰ সৰ্বোচ্চ তিনিটা বিষয়ত দিব পাৰিব ।নিৰ্ধাৰিত নম্বৰপ্ৰাপ্তিৰে উত্তীৰ্ণ হোৱা পৰীক্ষাৰ্থীক কোনো ধৰণৰ গ্ৰেছ নম্বৰ দিয়া নহ'ব ।অৱশ্যে সংশ্লিষ্ট পৰিক্ষাৰ্থীক গ্ৰেছ নম্বৰ দিলেও মাৰ্কশ্বিটত এই কথা উল্লেখ কৰা নহ'ব ।