asamiya

মহাবিদ্যালয় বিলুপ্তিৰ ক্ষণতেই ভূ-লুণ্ঠিত কটনৰ গৌৰৱোজ্জ্বল ইতিহাস

Sudipta | Thursday, June 1, 2017 12:13 AM IST

শতবৰ্ষীয় গৰিমাৰে মহিমামণ্ডিত কটন কলেজত যেন সৃষ্টি হৈছে শৈক্ষিক খহনীয়াৰ ।ফলাফলৰ ক্ষেত্ৰত স্থান লাভেৰে শতবৰ্ষীয় গৰিমাৰ ধাৰা অটুট ৰখা ঐতিহ্যমণ্ডিত মহাবিদ্যালয়খনৰ এয়া উচ্চতৰ মাধ্যমিক শাখাৰ ক্ষেত্ৰত অন্তিম বৰ্ষ আছিল যদিও বিগত কেইবাবছৰীয়া বিতৰ্কৰে জৰ্জৰিত মহাবিদ্যালয়খনত যেন যতি পৰিল গৌৰৱোজ্জ্বল শৈক্ষিক পৰিক্ৰমা ধাৰাৰ ।কাৰ্যত ঃ তাকেই প্ৰতিপন্ন কৰি বৰ্তমান বিশ্ব বিদ্যালয়লৈ পৰিণত হোৱা কটন মহাবিদ্যালয়ৰ অন্তিম উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলত দেখা গ'ল চূড়ান্ত অৱক্ষয় ।বিজ্ঞান শাখাত মাথো। দুজন ছাত্ৰই স্থান লাভ কৰি মান ৰক্ষা কৰিলেও মহাবিদ্যালয়খনৰ গৌৰৱোজ্জ্বল ইতিহাস যেন বিশ্ব বিদ্যালয়খনৰ বুকুত সোমবাৰে পূৰ্বেই শৈক্ষিক ফলাফলৰ দিশৰ পৰাও ধূলিসাৎ হৈ পৰিল ।বিহৰ ২০১৫ চনত বিজ্ঞান, কলা শাখাত মহাবিদ্যালয়খনে চাৰিটা স্থান লাভ কৰাৰ বিপৰীতে ২০১৬ চনত বিজ্ঞান শাখাত ৬টা স্থান লাভ কৰিছিল যদিও চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত মাথোঁ দুটা স্থানতেই সন্তুষ্ট থাকিব লগা হ'ল কটন মহাবিদ্যালয় ।