asamiya

নিবনুৱাৰ বাবে সুখৱৰ ঃ ২৫০০ শিক্ষিত যুৱকক স্স্থাপন দিব অইল ইণ্ডিয়াই

Sudipta | Saturday, June 3, 2017 1:14 AM IST

ৰাজ্যখনৰ শিক্ষিত নিবনুৱাসকলৰ নিয়োজনৰ ক্ষেত্ৰত এক আশাৰ বতৰা কঢ়িয়াই অইলো ইণ্ডিয়া  লিমিটেডে অহা ৫ বছৰত ৰাজ্যখনৰ প্ৰায় ২৫০০ জন শিক্ষিত নিবনুৱাক এই ৰাজহুৱা প্ৰতিষ্ঠানত  বিভিন্ন পদবীত নিয়োজিত কৰিব ।বৃহস্পতিবাৰে জনতা ভৱনৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয় কক্ষত অইল  ইণ্ডিয়া লিমিটেডে অধ্যক্ষ তথা পৰিচালন সঞ্চালক উৎপল বৰাৰ সৈতে হোৱা এক বৈঠকত মুখ্যমন্ত্ৰী সৰ্বানন্দসোণোৱালক অধ্যক্ষ তথা পৰিচালন সঞ্চালকগৰাকীয়ে এই প্ৰতিশ্ৰুতি প্ৰদান কৰে ।মুখ্যমন্ত্ৰী সোণোৱালে দেশৰ দ্বিতীয় বৃহত্তম ৰাষ্ট্ৰীয়কৃত তেল আৰু গেছ উদ্ ঘাটনৰ ৰাজহুৱা প্ৰতিষ্ঠানটোক ৰাজ্যখনৰ শিক্ষিত নিবনুৱাসকলৰ বাবে অধিক নিয়োজনৰ সা-সুবিধা সৃষ্টি কৰাৰ বাবে সক্ৰিয় পদক্ষেপ গ্ৰহণ কৰাৰ বাবে অনুৰোধ জনোৱাৰ পৰিপ্ৰেক্ষিতত প্ৰতিষ্ঠানটোৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালকগৰাকীয়ে মুখ্যমন্ত্ৰীক এই আশ্বাস প্ৰদান কৰে ।আলোচনাকালত মুখ্যমন্ত্ৰী সোণোৱালে কয় যে অইল ইণ্ডিয়া লিমিটেড যিহেতু এক বিশ্বাসযোগ্য, দক্ষ আৰু দায়বদ্ধ কোম্পানী, সেয়েহে ৰাজ্যখনৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতীসকলৰ নিয়োজনৰ ক্ষেত্ৰত এই কোম্পানীটোৱে সক্ৰিয় পদক্ষেপ লোৱাৰ বাবে আগবাঢ়ি আহিব লাগিব ।এই কোম্পানীটোৱে এনে এক ব্যৱস্থা গঢ়ি তুলিব লাগিব যাতে এই ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানটোত ৰাজ্যখনৰ দক্ষ আৰু শিক্ষিত নিবনুৱা যুৱক-যুৱতীসকলে নিয়োজনৰ সুবিধা লাভ কৰিব পাৰে ।