asamiya

অহা বৰ্ষৰ জুলাইৰ পৰা দেশৰ প্ৰথমখন ৰে’ল বিশ্ববিদ্যালয়ৰ শিক্ষা বৰ্ষ আৰম্ভ

Webdesk | Thursday, December 21, 2017 11:32 PM IST

অহা বৰ্ষৰ জুলাইৰ পৰা প্ৰথমটো শিক্ষাবৰ্ষ আৰম্ভ হ'ব গুজৰাটৰ বদোদৰাত স্থাপন হ'বলগীয়া দেশৰ প্ৰথমখন ৰাষ্ট্ৰীয় ৰে'ল আৰু পৰিবহণ বিশ্ববিদ্যালয়ত। কালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটৰ বৈঠকত নতুন বিশ্ববিদ্যালয় স্থাপনৰ ক্ষেত্ৰত অনুমোদন জনোৱা হয়। কোম্পানী আইনৰ অধীনত ৰে'ল মন্ত্ৰালয়ে নট ফৰ প্ৰফিট কোম্পানী এটা গঠন কৰিব আৰু কোম্পানীটোৱে বিশ্ববিদ্যালয়খন পৰিচালনা কৰিব। প্ৰথম পৰ্যায়ত বিশ্ববিদ্যালয়খনত ৩,০০০ ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তিৰ সুযোগ লাভ কৰিব।