asamiya

আজিৰে পৰা আৰম্ভ হাইস্কুল শিক্ষান্ত পৰীক্ষা : ক’লা চিয়াঁহীৰে লিখাটো বাধ্যতামূলক

Webdesk | Friday, February 16, 2018 9:12 AM IST

আজিৰে পৰা অনুষ্ঠিত হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষা। এইবাৰৰ পৰীক্ষাত মুঠ ৩,৫৩,৫৩৩ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব। হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰতি বছৰে সংঘটিত হৈ অহা বিভিন্ন খামখেয়ালি দূৰ কৰি এইবাৰ নিয়াৰিকৈ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ গ্ৰহণ কৰা হৈছে আগতীয়াকৈ সতৰ্কতামূলক ব্যৱস্থা। ইতিমধ্যে মাধ্যমিক শিক্ষা পৰিষদে ৰাজ্যৰ ২৭ খন জিলাত ৮৩ টা পৰীক্ষা কেন্দ্ৰ স্পৰ্শকাতৰ হিচাপে চিনাক্ত কৰিছে। প্ৰাপ্ত তথ্য অনুসৰি ৰাজ্যৰ ২৭ খন জিলাত থকা মুঠ ৮৫২ টা পৰীক্ষা কেন্দ্ৰত চিচি টিভি সংস্থাপন কৰা হৈছে। একো একোটা কেন্দ্ৰত ২৪ টা পৰ্যন্ত চিচি টিভি কেমেৰা সংস্থাপন কৰি পৰীক্ষা সম্পন্ন কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰা হৈছে। লক্ষণীয় যে এইবাৰৰ পৰীক্ষাত পৰীক্ষাৰ্থীসকলে কেৱল ক'লা ৰঙৰ চিয়াঁহীৰ কলমেৰেহে লিখিব পাৰিব। মাধ্যমিক শিক্ষা পৰিষদৰ এক সূত্ৰই সদৰী কৰামতে পৰীক্ষা কেন্দ্ৰসমূহলৈ প্ৰশ্নকাকত প্ৰেৰণ কৰা গাড়ীসমূহতো জি পি এছ ব্যৱস্থা সংযোজিত কৰা হৈছে যাতে আৰক্ষী থানা অথবা কোষাগাৰৰ পৰা পৰীক্ষা কেন্দ্ৰলৈ প্ৰশ্নকাকত কঢ়িয়াই নিয়াৰ সময়ত মাজ পথত কোনো বিসংগতিৰ সৃষ্টি নহয়।