asamiya

অহা বৰ্ষৰ ২৩ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা

Webdesk | Wednesday, December 27, 2017 12:47 PM IST

অহা বৰ্ষৰ ২৩ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা। অসম উচ্চতৰ শিক্ষা সংসদে কালি পৰীক্ষাৰ সময়সূচী ঘোষণা কৰি কয় যে ২৩ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'বলগীয়া উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা ২২ মাৰ্চত অন্ত পৰিব। উচ্চতৰ মাধ্যমিক কলা, বাণিজ্য আৰু বিজ্ঞান শাখাৰ পৰীক্ষাসমূহ এইবাৰ মুঠতে ৮২৬ টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হ'ব। উল্লেখ্য যে এইবাৰ পৰীক্ষাত কলা, বিজ্ঞান আৰু বাণিজ্য শাখাত সৰ্বমুঠ প্ৰায় ২.৬০ লাখ পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব। শিক্ষা সংসদে অহা জানুৱাৰী মাহৰ প্ৰথম সপ্তাহতে প্ৰতিটো পৰীক্ষা কেন্দ্ৰলৈ সংশ্লিষ্ট পৰীক্ষাৰ্থীসকলৰ এডমিট কার্ডসমূহ প্ৰেৰণ কৰিব।