asamiya

দেশৰ ২৩ বিশ্ববিদ্যালয়, ২৭৯ কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান ভুৱা

Sudipta | Wednesday, March 22, 2017 2:53 AM IST

দেশৰ প্ৰায় ২৩ খন বিশ্ববিদ্যালয় ভুৱা ।ইয়াৰ বাহিৰেও দেশৰ মুঠ ২৭৯খন কাৰীকৰী শিক্ষা প্ৰতিষ্ঠানো ভুৱা ।বিশ্ববিদ্যালয় অনুদান আয়োগে (ইউ জি চি)আৰু অখিল ভাৰতীয় কাৰিকৰী শিক্ষা পৰিষদ (এ আই চি টি ই) নামৰ সংস্থা দুটাই প্ৰকাশ কৰা প্ৰতিবেদনত এই কথা উল্লেখ কৰা হৈছে ।দেশৰ বিভিন্ন শিক্ষানুষ্ঠানৰ গুণগত মান আৰু শেক্ষা প্ৰদানৰ পদ্ধতিৰ বিষয়ে সমীক্ষা চলোৱা অন্তত প্ৰকাশ কৰা ইউ জি চি আৰু এ আই চি টি ইৰ প্ৰতিবেদনত কোৱা হৈছে যে দেশৰ ৰাজধানী চহৰ দিল্লীতে ৬৬খন ভুৱা কলেজ আছে ।প্ৰয়োজনীয় অনুমতি নোলোৱাকৈয়ে এই শিক্ষা প্ৰতিষ্ঠান কেইখন ইঞ্জিনীয়াৰিং আৰু অন্য কাৰিকৰী শিক্ষা প্ৰদান কৰি থকা বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে ।