asamiya

তেজপুৰ বিশ্ববিঃলৈ কেন্দ্ৰৰ ৫৫ কোটি

Sudipta | Thursday, June 8, 2017 9:10 PM IST

কেন্দ্ৰীয় চৰকাৰৰ মানৱ সম্পদ উন্নয়ন দপ্তৰৰ ৰাজ্যমন্ত্ৰী ডঃ মহেন্দ্ৰ নাথ পাণ্ডে বুধবাৰে তেজপুৰ কেন্দ্ৰীয় বিশ্ব বিদ্যালয়ত উপস্থিত হৈ বিশ্ব বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক সমাজৰ সৈতে মত বিনিময় কৰে ।উল্লেখ্য যে কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী পাণ্ডে আকস্মিক ভ্ৰমণসূচী লৈ অসমৰ উত্তৰপাৰৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানখন পৰিদৰ্শন কৰা আৰু পৰিদৰ্শন কালত বিশ্ব বিদ্যালয়খনৰ আন্তঃগাঁথনি তথা ইয়াৰ নান্দনিক দৃশ্য প্ৰত্যক্ষ কৰি অভিভূত হৈ পৰে ।তেওঁ বিশ্ববিদ্যালয়ৰ অতিথিগৃহৰ সভাকক্ষত একাংশ ছাত্ৰ-ছাত্ৰী, অধ্যাপক-অধ্যাপিকা তথা বিভিন্ন বিভাগৰ মুৰব্বীৰ সৈতে মত বিনিময় কৰি বিশ্ব বিদ্যালয়খনৰ শৈক্ষিক আৰু আন্তঃগাঁথনিৰ বিষয়ে আলোচনা কৰে ।