asamiya

মানৱ সম্পদ উন্নয়ন দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী কুশৱাহাৰ ঘোষণা: প্ৰাথমিক শিক্ষকৰ প্ৰশিক্ষণৰ সময়সীমা ২০১৯ৰ ৩১ মাৰ্চলৈ বৃদ্ধি

Webdesk | Friday, December 29, 2017 11:03 PM IST

প্ৰাথমিক পৰ্যায়ৰ কৰ্মৰত প্ৰশিক্ষিত শিক্ষকে ২০১৯ চনৰ ৩১ মাৰ্চৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব নিজৰ প্ৰশিক্ষণ। শিক্ষাৰ অধিকাৰ আইনৰ ২৩নং দফাৰ সংশোধনীৰ জৰিয়তে এই সময়সীমা ২০১৯ চনৰ ৩১ মাৰ্চলৈ বৃদ্ধি কৰাৰ কথা কালি ৰাজ্যসভাত উল্লেখ কৰিছে মানৱ সম্পদ উন্নয়ন দপ্তৰৰ কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী উপেন্দ্ৰ কুশৱাহাই। লগতে তেওঁ কয় যে চলিত বৰ্ষৰ ডিচেম্বৰ মাহলৈকে মুকলি বিদ্যালয়ৰ ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানত প্ৰকশিক্ষণৰ কাৰণে পঞ্জীয়ন কৰা অপ্ৰশিক্ষিত শিক্ষকৰ তথ্যৰ বিষয়ে উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে যোৱা ১৪ ডিচেম্বৰলৈকে দেশৰ ১৩,৬৪,৫৫৩ জন অপ্ৰশিক্ষিত শিক্ষকে প্ৰতিষ্ঠানখনত নিজৰ নাম পঞ্জীয়ন কৰিছে।