asamiya

এনিমেচন আৰু মাল্টিমিডিয়াৰ শিক্ষা

Webdesk | Saturday, January 6, 2018 9:53 AM IST

একবিংশ শতিকাৰ অন্যতম সম্ভাৱনাপূৰ্ণ আৰু জনপ্ৰিয় নিয়োগৰ ক্ষেত্ৰ হৈছে এনিমেচন আৰু মাল্টিমিডিয়া। ব্যক্তিগত তথা চৰকাৰী সংবাদ প্ৰতিষ্ঠান, ডিজিটেল প্ৰিন্টিং মিডিয়া আদি বিষয়ত নিয়োগৰ ব্যাপক সম্ভাৱনা দেখা গৈছে সাম্প্ৰতিক সময়ত। আনহাতে বিশ্বৰ দ্ৰুত প্ৰসাৰিত আৰু জনপ্ৰিয় উদ্যোগ এনিমেচন। ভাৰ্চুৱেল মেজিক সৃষ্টি কৰাৰ বাবে ছবিক গ্ৰাফিক্স, অডিঅ', ইমেজ এনিমেচনেৰে উপস্থাপন কৰাৰ এই কৌশল সম্প্ৰতি সৰ্বত্ৰ জনপ্ৰিয় হোৱাই নহয়, নিয়োগৰো ই নিৰাপদ ক্ষেত্ৰ। 

নিয়োগৰ সুবিধা : এখন সাধাৰণ এনিমেচন ছবিৰ বাবে প্ৰায় পাঁচশ এনিমেটৰৰ প্ৰয়োজন হয়। এই উদ্যোগত থকা নিয়োগৰ সুবিধাসমূহ হৈছে - কনটেণ্ট ডেভেলপাৰ, মডেলাৰ, ষ্টৰী ব্ৰড আৰ্টিষ্ট, কেৰেক্টাৰ এনিমেটৰ, লে-আউট আৰ্টিষ্ট, ২ ডি এনিমেটৰ, অডিঅ' এণ্ড ভিডিঅ', স্পেচিয়েলিষ্ট, ক্লিনআপ আৰ্টিষ্ট, লাইটিং আৰ্টিষ্ট, কম্পিউজিটৰ, এডিটৰ, থ্ৰী ডি এনিমেটৰ, ইমেজ এডিটৰ, ৱেব ডিজাইনিং আদি।