asamiya

শিক্ষাৰ মানদণ্ডৰ সমীক্ষা ‘প্ৰথম’ৰ : দেশৰ ২৫% কিশোৰে নাজানে মাতৃভাষাৰ জ্ঞান

Webdesk | Wednesday, January 17, 2018 11:39 PM IST

কেন্দ্ৰ-ৰাজ্য চৰকাৰে শিক্ষাত বিপুল বিনিয়োগ কৰিলেও দেশৰ অধিকাংশ যুৱক-যুৱতীয়ে বুনিয়াদী নিয়োগ যোগ্যতাও অৰ্জন কৰা নাই। দেশৰ ২৫ শতাংশ যুৱক-যুৱতীৰে নাই মাতৃভাষাৰ প্ৰয়োজনীয় জ্ঞান, ৭৬ শতাংশই শুদ্ধকৈ গণিব নোৱাৰে টকা-পইচা, ৩৬ শতাংশই নাজানে দেশৰ ৰাজধানীৰ নামেই। এই চাঞ্চল্যকৰ তথ্য প্ৰকাশ পাইছে প্ৰথম নামৰ স্বেচ্ছাসেৱী সংগঠনৰ প্ৰতিবেদনত। উল্লেখযোগ্য যে দেশৰ শৈক্ষিক মানৰ বাৰ্ষিক প্ৰতিবেদন 'এনুৱেল ষ্টেটাছ অব এডুকেচন ৰিপ'ৰ্ট' (অসৰ) হ'ল দেশৰ প্ৰতিখন ৰাজ্যৰ গ্ৰামঞ্চলৰ শিক্ষানুষ্ঠান আৰু গ্ৰাম্য পৰিয়ালক সামৰি কৰা এটা সমীক্ষা। ২০০৫ বৰ্ষৰ পৰাই বিভিন্ন চৰকাৰী-বেচৰকাৰী এজেঞ্চি, অ' এন জি চিৰ সহযোগত আৰু কেন্দ্ৰীয় মানৱ সম্পদ মন্ত্ৰালয়ৰ তত্বাৱধানত 'প্ৰথম এডুকেচন ফাউণ্ডেচন' নামৰ সংস্থাটোৱে এই সমীক্ষা চলাই আহিছে।