asamiya

আই চি এছ পৰীক্ষাত দেশৰ ভিৰতৰ তৃতীয় স্থান লাভেৰে উজলিল তেজপুৰৰ জীয়ৰী অক্লান্তা

Sudipta | Thursday, June 1, 2017 12:25 AM IST

আই চি এছ পৰীক্ষাত দেশৰ ভিৰতৰ তৃতীয় স্থান লাভেৰে উজলিল তেজপুৰৰ জীয়ৰী অক্লান্তা

মঙলবাৰে ফলাফল ঘোষণা কৰা আই চি এছ ই দশম শ্ৰেণীৰ পৰীক্ষাত তেজপুৰৰ জীয়ৰী অক্লান্তা ভট্টাচাৰ্যই শতকৰা ৯৮.৮০ নম্বৰ লাভ কৰি উক্ত পৰীক্ষাৰ ভাৰতবৰ্ষৰ ছাত্ৰ-ছাত্ৰীৰ মাজত তৃতীয় স্থান লাভ কৰাৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত প্ৰথমস্থান লাভ কৰি তেজপুৰৰ লগতে ৰাজ্যখনলৈ বিজ্ঞান, ভূগোল বিষয়ত এশ নম্বৰেই অক্লান্তাই লাভ কৰি তেওঁৰ মেধা শক্তিৰ পৰিচয় দাঙি ধৰিছে ।তদুপৰি বিজ্ঞান, ব্যৱহাৰিক কম্পিউটাৰ, হিন্দী, বিষয়ত অক্লান্তাই ৯৯ নম্বৰকৈ আৰু ইংৰাজী বিষয়ত ৯৬ নম্বৰ লাভ কৰিছে ।অক্লান্তাৰ পিতৃ ভাৰতীয় তেল নিগমৰ জ্যেষ্ট বিষয়া পংকজ ভট্টাচাৰ্য, মাতৃ ময়ূৰী ভট্টাচাৰ্যৰ ঘৰ তেজপুৰৰ কালিবাৰী অঞ্চলত ।কৰ্মসূত্ৰে গুৱাগাটীত থাকি অক্লান্তাই সংস্কৃতি গুৰুকূল বিদ্যালয়ত পাঠ গ্ৰহণ কৰিছিল ।সৰুৰে পৰাই অক্লান্তাই প্ৰখৰ মেধা শক্তিৰ পৰিচয় দাঙি ধৰিছিল ।