asamiya

কে কে এইচ মুক্ত বিশ্ববিদ্যালয়ৰ অধ্যয়ন কেন্দ্ৰ কমাৰ্চ কলেজত মুকলি

Sudipta | Monday, May 22, 2017 1:20 AM IST

আগন্তুক বৰ্ষৰ পৰা (২০১৭-১৮) কাৰ্যকাৰী হোৱাকৈ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় অসমৰ বাণিজ্য শিক্ষাৰ অন্যতম শিক্ষানুষ্ঠান গুৱাহাটী কমাৰ্চ কলেজত বি কম, বি বি এ আৰু পি জি ডি চি এ পাঠ্যক্ৰমৰ অধ্যয়নৰ বাবে অধ্যয়ন কেন্দ্ৰ স্থাপনত অনুমোদন জনাইছে ।ইতিমধ্যে এই সম্পৰ্কত দুয়োটি অনুষ্ঠানে এক বুজাবুজিৰ চুক্তিত উপনীত হৈছে ।বিশ্ববিদ্যালয়ে নামভৰ্তিৰ প্ৰপত্ৰ পূৰণৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰাৰ পাছতে যথানিয়মে নামভৰ্তিৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব ।অধ্যয়ন কেন্দ্ৰটোৰ সমন্বয়ক হিচাপে উপাধ্যক্ষ ডঃ পূৰ্ণ ভট্টাচাৰ্যৰ নিযুক্তিত বিশ্ববিদ্যালয়ে অনুমোদন জনাইছে ।অধ্যয়ন কেন্দ্ৰটোৰ তত্বাৱধায়ক অধ্যক্ষ ডঃ হোমেশ্বৰ কলিতাই মুক্ত বিশ্ববিদ্যালয়ৰ উক্ত ডিগ্ৰীপাঠ্যক্ৰমত অধ্যয়ন কৰিব বিচৰা ছাত্ৰ-ছাত্ৰীক এই বিষয়ত পৰৱৰ্তী সময়ত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে ।