asamiya

পিছপৰা অঞ্চলৰ অভিযান্ত্ৰিক মহাবিদ্যালয়ত পাঠদান কৰিব আই আই টি-এন আই টিৰ স্নাতকে

Webdesk | Friday, February 2, 2018 11:21 PM IST

দেশৰ আগশাৰীৰ শিক্ষানুষ্ঠান আই আই টি আৰু এন আই টিত স্নাতক ডিগ্ৰী লাভ কৰা কমেও ১২০০ শিক্ষাৰ্থীয়ে দেশৰ পিচপৰা অঞ্চলৰ ৫৩ খন চৰকাৰী অভিযান্ত্ৰিক মহাবিদ্যালয়ত শিক্ষাদান কৰিব। অহা তিনি বছৰৰ বাবে এঘাৰখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ অভিযান্ত্ৰিক মহাবিদ্যালয়ত পাঠদান কৰিব এই শিক্ষাৰ্থীসকলে। পিছপৰা অঞ্চলত গুণগত শিক্ষাৰ মান উন্নত কৰাৰ লক্ষ্যৰে গ্ৰহণ কৰা এই পদক্ষেপৰ ফলত উপকৃত হ'ব কমেও ১ লাখ অভিযান্ত্ৰিক শিক্ষাৰ্থী। আজি এই কথা সদৰী কৰে কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভেড়েকাৰে। এই পদক্ষেপৰ বাবদ চৰকাৰে ৩৭৫ কোটি টকা ব্যয় কৰিব। আনহাতে পাঠদান কৰা একোজন আই আই টি, এন আই টিৰ স্নাতকে লাভ কৰিব ৭০ হেজাৰ টকা।