asamiya

ইগন’ৰ শিক্ষাৰ্থী কেন্দ্ৰ ৪০০ লৈ বৃদ্ধিৰ ঘোষণা

webdesk | Tuesday, January 24, 2017 8:08 AM IST

উত্তৰ-পূৰ্ৱাঞ্চলৰ ইণ্ডিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় চমুকৈ ইগন'ৰ কেন্দ্ৰ বৃদ্ধি কৰাৰ বিষয়ে ঘোষণা কৰে উপাচাৰ্য অধ্যাপক  ৰবীন্দ্ৰ কুমাৰে ।শনিবাৰে গুৱাহাটীত উত্তৰ-পূৰ্ৱাঞ্চলৰ আঞ্চলিক কেন্দ্ৰসমূহৰ নিয়মীয়া অধ্যয়ন কেন্দ্ৰৰ সমন্বয়ৰক্ষীসকলৰ মাজত অনুষ্ঠিত দুদিনীয়া সন্মিলনখনত উপস্থিত থাকি উপাচাৰ্যগৰাকীয়ে সংবাদ মাধ্যমক এই বিষয়ে জানিবলৈ দিয়ে ।সম্প্ৰতি উত্তৰ-পূৰ্ৱাঞ্চলত ২৭টা কেন্দ্ৰ থকাৰ বিপৰীতে ৪০০ টালৈ বৃদ্ধি কৰাৰ বিষয়ে ঘোষণা কৰি উপাচাৰ্যগৰাকীয়ে ৰেডিঅযোগে 'জ্ঞান দৰ্শন' আৰু 'জ্ঞান বাণী' প্ৰচাৰ কৰাৰ বিষয়েও জানিবলৈ দিয়ে ।