asamiya

ভুৱা ডিগ্ৰী ! অধ্যক্ষ পদ দখলক লৈ বিজ্ঞান শিক্ষকৰ কূট-কৌশল

Sudipta | Wednesday, May 31, 2017 1:26 AM IST

ভুৱা ডিগ্ৰী ! অধ্যক্ষ পদ দখলক লৈ বিজ্ঞান শিক্ষকৰ কূট-কৌশল

ৰাজ্যচৰকাৰে দুৰ্নীতি- অনিয়মক প্ৰশ্ৰয় নিদিয়ে বুলি কৈ ফুৰিলেও বিভাগে বিভাগে বিয়াগোম কেলেংকাৰী দুৰ্নীতি হোৱাৰ তথ্য ফাদিল হৈছে ।অসম চৰকাৰে নিকা আৰু দুৰ্নীতিমুক্ত বুলি প্ৰচাৰ চলোৱা শিক্ষা বিভাগতো পোহৰলৈ আহিছে আন এক দুৰ্নীতি-অনিয়মৰ তথ্য ।প্ৰাপ্ত তথ্য মতে গোৱালপাৰা জিলাৰ শিক্ষা বিভাগৰ এগৰাকী শীৰ্ষ বিষয়াৰ সহযোগত জলেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শিক্ষক এগৰাকীয়ে স্থায়ী অধ্যক্ষৰ পদ দখলৰ প্ৰতিযোগীতাত নামি পৰাত শিক্ষা প্ৰতিষ্ঠানখনৰ স্থায়ী অধ্যক্ষ নিযুক্তিত ব্যাপক খেলিমেলিৰ সৃষ্টি হৈছে ।প্ৰাপ্ত তথ্য মতে বিদ্যালয়খনৰ বিজ্ঞান শিক্ষক আবুল কালাম তালুকদাৰে স্থায়ী অধ্যক্ষ পদৰ বাবে দক্ষিণ ভাৰতৰ তামিলনাডুৰ ছেলেমৰ ভিনায়ক মিছন ইউনিভাৰ্ছিটিৰ অধীনস্থ ধুবুৰীৰ ক্ৰিচেণ্ট কলেজ অধ্যয়ন কেন্দ্ৰৰ পৰা পৰিৱেশ বিদ্যা বিষয়ত স্নাতকোত্তৰ উত্তীৰ্ণৰ প্ৰমাণ পত্ৰ দাখিল কৰে যদিও উক্ত প্ৰমাণ পত্ৰ দাখিল কৰে যদিও উক্ত প্ৰমাণপত্ৰ ভুৱা বুলি অভিযোগ উঠিছে ।