asamiya

 দিল্লী বিশ্ববিদ্যালয়ত কাট অফ মাৰ্কৰ বাছনি পৰীক্ষাৰে হ’ব নামভৰ্তি 

webdesk | Tuesday, January 17, 2017 6:45 AM IST

স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ ক্ষেত্ৰত পূৰ্বৰ 'কাট অফ মাৰ্ক'ৰ পৰম্পৰা অৱসানেৰে এক নতুন প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ সাজু হৈছে দিল্লী বিশ্ববিদ্যালয়ে ।এই অনুসৰি নতুন শিক্ষাবৰ্ষৰ পৰা দিল্লী বিশ্ববিদ্যালয় বিভিন্ন স্নাতক পাঠ্জক্ৰমত নামভৰ্তিৰ বাবে ছাত্ৰ-ছাত্ৰীৰ মাজত প্ৰৱেশ পৰীক্ষা অনুস্থিত কৰাৰ সিদ্ধান্ত লৈছে ।দিল্লী বিশ্ববিদ্যালয়ৰ এই নতুন পদক্ষেপৰ বিষয়ে সদৰী কৰিছে বিশ্ববিদ্যালয়খনৰ অধীনস্থ খালছা অধ্যাপক নাচিকেটা সিঙে । দিল্লী বিশ্ববিদ্যালয় একাডলিক কাউঞ্চিকৰ অন্যতম সদস্য অধ্যাপক সিঙে সংবাদ মাধ্যমক জনোৱা মতে ২০১৯-১৮ ৰ শৈক্ষিক বৰ্ষৰ পৰা কাট অফ মাৰ্কৰ সলনি প্ৰৱেশ পৰীক্ষাৰ মাধ্যমেৰে দিল্লী বিশ্ববিদ্যালয়ৰ অধীনস্থ মহাবিদ্যালয়সমূহত বিভিন্ন স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে প্ৰাৰ্থীৰ বাছনিৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হ'ব ।